অৱসৰ প্রাপ্ত অধ্যক্ষ
তিনিচুকীয়া মহাবিদ্যালয়, তিনিচুকীয়া
বদৌচা চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ন-পুৰণি সকলো ছাত্ৰ- ছাত্ৰীলৈ নতুন শিক্ষা বর্ষ (২০২৫-২৬)ৰ আৰম্ভণিতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ । তিনিচুকীয়া জিলাৰ বৃহত্তৰ মাকুম গ্রাম্যাঞ্চলৰ ছাত্র- ছাত্ৰীৰ কাৰণে গুণগত শিক্ষা প্ৰদানৰ প্রতিশ্রুতিৰে সৈতে আৰম্ভ হোৱা এই বিদ্যালয়খনে বর্তমান ৪ বছৰ পূর্ণ কৰিলে । ইতিমধ্যে বদৌচা চিনিয়ৰ চেকেণ্ডাৰী স্কুলখনে অতি উন্নত ফলাফল দেখুৱাই আটাইৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে । আশা কৰোঁ আহি থকা দিনবোৰত আমি নতুন উদ্যমেৰে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ অধিক উন্নত কৰি সর্বোৎকৃষ্ট ফলাফল দিয়াৰ লগতে ছাত্র-ছাত্রীসকলক প্রত্যাহ্বানপূর্ণ ভৱিষ্যত জীৱনৰ কাৰণে সাজু কৰি তুলিবলৈ সক্ষম হ'ম ।
অৱসৰ প্রাপ্ত অধ্যাপক
তিনিচুকীয়া মহাবিদ্যালয়, তিনিচুকীয়া
বৃহত্তৰ অসমীয়া জাতি গঠনত অনন্য অৱদান আগবঢ়োৱা মহান আৰু ঐতিহাসিক চৰিত্র বজা বদৌচাৰ নামত প্রতিষ্ঠিত বদৌচা চিনিয়ৰ চেকেণ্ডাৰী স্কুলে সফলতাৰ চাৰি বছৰ পূর্ণ কৰাতো তিনিচুকীয়া জিলাৰ লগতে সমগ্র ৰাজ্যখনৰ বাবে পৰম আনন্দৰ বিষয় । গুণগত শিক্ষাৰ বিকাশ আৰু উপযুক্ত মানৱসম্পদ গঢ় দিয়াৰ লগতে এক সুস্থ শৈক্ষিক বাতাবৰণ সৃষ্টিত এই বিদ্যালয়ে এক শক্তিশালী ভূমিকা গ্রহণ কৰিছে । আশা ৰাখিছো বিদ্যালয়খনৰ পৱিত্র জ্যোতিৰে ইয়াৰ চাৰিওদিশ উদ্ভাসিত হৈ জ্ঞানৰ পোহৰ বিলাওঁক ।
Retd. Prof (HOD English), Women University, Tinsukia
The founders of Bodousa senior secondary school, Borpather, Makum have been making an all out effort to provide quality education in the real sense of the term in this remote part of our country and no wonder, the school has carved a niche for itself within such a short time. It is my proud pleasure to be associated with this school.